এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
অজামিল উপাখ্যান
পাপী অজামিল, বৈকুণ্ঠে চলিল,
নাৰায়ণ নাম ঘুষি॥
দাসীৰ কুমাৰ, ভৈল অৱতাৰ,
নাৰদ নামৰ বলে।
আক শুনি মৰে, নামক নধৰে,
কোননো বিধতা চলে॥
নাই তপ ব্ৰত, কলিত জগতে,
নামেসে পৰম ধৰ্ম্ম।
বেদৰ সাৰক, নধৰে নামক,
সাস্ত্ৰৰো নুবুজে মৰ্ম্ম॥
যাত আছে বুদ্ধি, ধৰিও ওষধি,
সংসাৰ ব্যাধিৰ নাম।
ভণিলা শঙ্কৰে, নিৰন্তৰে নৰে,
ডাকি বোলা ৰাম ৰাম॥
পদ।
নিগদতি শুক শুনা নৃপ পৰীক্ষিত।
নামৰ মহিমা আৰু মহা বিপৰিত॥
ধন্য ৰাজা কৃষ্ণৰ কথাত মিলে স্বাদ।
যমৰ দুতৰ আবে শুনিয়ো সম্বাদ॥