সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
অজামিল উপাখ্যান

দুলৰি।

শুন সভা সদ, ভাগৱত পদ,
 আত নকৰিবা শঙ্কা।
ৰামত ভকতি, কৰি এক মতি,
 বানৰে মাৰিলে লঙ্কা॥
অনেক ভালুক, বানৰ ৰাক্ষস,
 লগতে পাইল মুকুতি।
ভকতি কৰিলে, নপাইবে মনুষ্য,
 মুকুতি কোন যুগুতি॥
অনেক অসুৰ, পিশাচ পশুৰ,
 ভকতি সাধিলে গতি।
কিনো অন্ধ লোক, প্ৰবন্ধ নকৰে,
 মাধৱত নেদে মতি॥
বকুল অগৰু, যত তৃন তৰু,
 শবে পৰম্পদ পাইলে।
মিছাতেসে মজে, কৃষ্ণক নভজে,
 দিনতে দুই চক্ষু খাইলে॥
বাল্মীকি দুৰ্ঘোৰ, আছিলেক ঘোৰ,
 ৰাম বুলি ভৈল ঋষি।