সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
অজামিল উপাখ্যান

সমস্তে সংসাৰ, নামেসে উদ্ধাৰ,
 কহিলো পৰম বেদ॥
ইহাৰ প্ৰমান, মনতে জানিবা,
 যিজনে নামক স্মৰে।
তাৰ আৰ তীৰ্থ, ব্ৰত তপ জপ,
 কৰ্ম্মত মন নপৰে॥
ভকতিসে মাত্ৰ, কৰিবে নিশ্চয়,
 জীৱন তাৰ সফল।
নামক নধৰি, সবে কৰ্ম্ম কৰি,
 নুগুছে মনৰ মল॥
পৰম গোপ্যনি, কথা যিটো ইটো,
 শুনে ভণে ভক্তি ভাৱে।
নযাই যাতনাক, যমৰ দুতকো,
 চক্ষুকো মেলি নচাৱে॥
যদ্যপি অধম, মহা মন্দমতি
 অধৰ্ম্মক মাত্ৰ সাঞ্চে।
তথাপি ই কথা, শুনতে ভনন্ত,
 বিষ্ণু ভুবণত বঞ্চে॥
আক অদভুত, নেদেখিবা নৃপ
 নামৰ মহা মহিমা।