সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
অজামিল উপাখ্যান

দুলৰি ।

নিগদতি শুক, শুনিলা নৃপতি,
 নামৰ হেন প্ৰভাৱ।
অপাৰ সংসাৰ, সাগৰ তৰিতে,
 নামেসে সুদৃঢ় নাৱ॥
হৰি নাম বিনে, যত যজ্ঞ দান,
 সাধিবে নপাৰে পতি।
নামৰ সমান, নাহি পুণ্য আন
 জানিবা নিষ্টে নৃপতি॥
পাপী অজামিল, জাতি কুল হীন,
 খেছৰি বেশ্য়াৰ পতি।
গলে লগাই জৰি, যমদুতে ধৰি,
 নেই নৰকক প্ৰতি॥
নাৰায়ণ বুলি, ডাকিলে ডৰত,
 অধম বিপ্ৰ পামৰ।
এতেকে মৃত্যুক, তৰি মুখ্য পাইলে,
 মহিমা দেখা নামৰ॥
নাম কীৰ্ত্তনত, পৰে মনুষ্যৰ
 নুহি কৰ্ম্ম বন্ধ চেদ।