সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
অজামিল উপাখ্যান

পাপৰ অন্তক, কি কৈবো নামক,
 নামেসে মুখ্যৰ সীমা॥
যাৰ সম নাই, পাতকী লোকত,
 মন্দ দ্বিজ অজামিল।
অগ্র ধাৱে নাম, মৰন্তে স্মৰন্তে,
 তাকো বৈকুণ্ঠক নিল॥
সুদৃঢ় বিশ্বাসে, সিটো জনে লৱে,
 কৃষ্ণক এক শৰন।
জানি যত ধৰ্ম্ম, সততে মুখত,
 নামৰ নেৰে কীৰ্ত্তন॥
তাহাৰো মহিমা, কহি নপাও সীমা,
 কহিলো স্বৰূপ নৃপ।
কৰিলেক বশ্য, অৱশ্যে কৃষ্ণক,
 নেৰন্ত তাৰ সমীপ॥
সিটো ভকতৰ, মৰিবে নলাগে,
 জীৱন্তে পাইলে মুকুতি।
সমস্তে সাস্ত্ৰৰ, চাৰিও বেদৰ,
 কহিলো তত্ত্ব যুগুতি॥
জানী কৰ্ম্মী জনে, নজানে নামক
 ভকতৰ নৱনিধি।