এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
অজামিল উপাখ্যান
পুত্ৰৰ স্নেহকো চিণ্ডিল অজামিল।
কৰ্ণ মন বাক্য নয়ণকো নিৰোধিল॥
গুছিল মনৰ মল বিষয়ৰ ক্লেশ।
কৃষ্ণ চৰণত মন কৰাই প্ৰবেশ॥
হৃদয়ত ৰূপ নাম নুগুছে মনত।
সিহৰিল লোম প্ৰেম ভকতি সুখত॥
যেতিক্ষণে নাৰায়ণ নাম উৰিচ্চল।
কৰ্ম্মৰ বন্ধন মানে তেখনে ছিণ্ডিল॥
কৰিল নিৰ্ম্মল নামে শুদ্ধ ভৈল কায়।
আউৰ কৃষ্ণ চৰণক নছাৰে সদায়॥
কৃষ্ণে পৰম মোৰ সুহৃদ নিছয়।
কৃষ্ণক স্বৰন্তে দ্ৰৱে আনন্দে হৃদয়॥
কৃষ্ণ কৃষ্ণ বোলন্তে উপজে প্ৰেম আতি।
কৃষ্ণক নিৰ্ম্মল চিত্তে কৰিলা ভকতি॥
কৃষ্ণৰ ৰূপত যেন ভৈল মগ্ন মন।
আসি পৰিসদে দুনাই দিলে দৰিশন॥
বৈকুণ্ঠৰ পৰা দিব্য বিমানক লৈই।
এক কোটি সূৰ্য্য জেন জলন্তে আছয়॥
সাৰি সাৰি তাৰ মাজে সুবৰ্ণ কীঙ্কিনী।
চক্ষু মেলি দ্বিজে দেখিলেক ঝঞ্জনী॥