সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
অজামিল উপাখ্যান

সুমৰি সুমৰি পাপ, কৰে মহা হৃদি তাপ,
 সিটো মন্দ মতি অজামিল।
ইটো পৃথিবীক ধায়া, জানিলো সকলে মায়া,
 হৰিসে সুহৃদ মোৰ নিজ॥

⸻•⸻

পদ।

নিগদতি শুক শুনা নৃপতি প্ৰস্তুত।
পাইলে অজামিলে যেন গতি অদভুত॥
চাৰি সিদ্ধ ক্ষণেকতে ভৈলা সুদ্ধি।
কৃষ্ণৰ চৰণে তাৰ প্ৰবেশিল বুদ্ধি॥
মনে মনে শুনে পাছে দ্বিজ অজামিল।
কেনে হৰি নাম মোৰ মুখত আছিল॥
মই কুলঙ্গাৰ পাতকীৰ আদ্য লেখা।
মোক কেনে চাৰি পাৰিষদে দিলে দেখা॥
তথাপি অধৰ্ম্ম ইজন্মত ভাগ্য শুন্য।
আছে তথাপিতো জানে জন্মান্তৰে পুণ্য॥
দেৱতো উত্তম যিতো সিদ্ধ চাৰি জন।
নুহি তাসম্বাক কিয় পইবো দৰিশন॥
কৈৰ মই জাতি ভ্ৰষ্ট নষ্ট কুলাঙ্গাৰ।
পৰম মঙ্গল কৈত নামৰ উপাৰ॥