সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
অজ্জমিল উপাখ্য্যন

মোক ৰাখিলন্ত যিতো, চাৰু চাৰি সিদ্ধ সিটো,
 ভৈল কোন ভিতি এতি ক্ষণে ।
বিমৰিষি অজামিল, অনুতাপ উপজিল,
 পৰম বৈৰাগ্য গুণে মনে॥
চাৰি মহা বিষ্ণু দুত, কৈলা যিতো অদভুত,
 নামৰ মহিমা আতি শুনি।
বোলে মহা কোন পুন্য, মাধৱৰ নাম গুণ,
 আজি পাইলো প্রমান আপুনি॥
কিনো মঞি মন্দ ভাগি, পাপিনী বেশ্যাক লাগি,
 কৰিলো ব্ৰাহ্মণ জন্ম নষ্ট।
এইতে উপাজিলো পুত্র, পিয়ো সবে মল মূত্ৰ,
 ইসে মোৰ ভৈল মহা কষ্ট॥
যিতো ভাৰ্য্যা বিবাহিতা, পতিব্রতা সুচৰিতা,
 তাহাকো কৰিলো পৰিত্যাগ।
তাই মহা সতী আতি, ইতো দুষ্টা অন্ত জাতি,
 আতেসে ৰৰাইলো অনুৰাগ॥
পিতৃ মাতৃ মহা সুদ্ধ, অনাথ পৰম বৃদ্ধ,
 মই বিনে নাহিকে সন্ততি।
তাদম্বাক তাপ দিয়া, হেনসে দাৰুণ হিয়া,
 এৰি আইলো কিনো মন্দ মতি॥