সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
অজামিল উপাখ্যান

মোৰ মহা উপকাৰি, কোননো বান্ধৱ ছাৰি,
 সাক্ষাতে দিলন্ত প্ৰাণ দান।
সুধিবে খোজন্তে কথা, তেখনে ভৈলন্ত তথা,
 চাৰি পাৰিষদ অন্ত ধ্যান॥
তাসম্বাক নেদেখিয়া, দ্বিজৰ দহয় হিয়া,
 সৰিত গৈল মৰ্ম্ম চড়ি।
মোক নৰকত তাৰি, কৈক গৈলা বন্ধু চাৰি,
 এহি বুলি কান্দে পৰি পৰি॥
অমৃত বৰিষে বাণী, দেখাই দিব্য ৰূপ খানি,
 আমাক বঞ্চিলে কোন বিধি।
সুধিবে নপাইলো ভালে, ইসে শোকে হিৱা শালে,
 হাততে হৰাইল পোৱানিধি॥
মোৰ মহা উপকাৰী, হা বন্ধু সিদ্ধ চাৰি,
 কৈক গৈলা এৰি পাতকীক।
তুমি সব অবিহনে, ধৰো প্ৰাণ কিকাৰণে,
 মোহোৰ জীৱন ধিক ধিক॥
এহি মতে কতোক্ষণ, কান্দি ভৈল সন্ধুক্ষণ,
 কৰে দ্বিজে মহা বিমৰিষ।
সপোন দেখিলো কিবা, ঘোৰ যম দুত যিবা,
 সিও পলাই গৈল কোন দিশা॥