এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
অজামিল উপাখ্যান
হেনবা বুলিবি দ্বিজ দুষ্ট দুৰাশয়।
জ্ঞানে কৰি আছে ইটো মহা পাপ চয়॥
লক্ষ কোটি প্ৰায়ছিতে নাহিকে নিস্তাৰ।
একে নামে মাত্ৰ কেনে নিস্কৃতি ইহাৰ॥
দিৱো আৰু উত্তৰ শুনিও তিনি দুত।
হৰি নাম মহিমা কহন্তে অদ্ভুত॥
ব্ৰহ্ম বধ সুৰা পান অগম্য গমন।
মহা পাপ ব্ৰাহ্মণৰ সুবৰ্ণ হৰণ॥
আনো আনো জগতৰ যত পাপ গণ।
সবাৰো নিষ্কৃতি হৰি নামৰ কীৰ্ত্তন॥
হৰি হৰি বুলি যিটো উচ্চৰে সম্প্ৰতি।
তাহাকো লাগিয়া যাই মাধৱ মতি॥
ইটো মোৰ ভৈল বুলি কৰে গদাধৰি।
পাপ খেদাইয়া ৰক্ষা কৰি ফুৰে হৰি॥
নাম লৈলে মাধৱে নেৰন্ত তাৰ কাশ।
যেন ধেনু স্নেহত বৎসৰ নেৰেপাছ॥
নাম ধৰ্ম্ম হেনসে কৃষ্ণক কৰে বশ্য।
নামৰ মহিমা ইটো বেদৰ ৰহশ্য॥
ঋষিগণে বহিয়াছে প্ৰায়ছিত যত।
জাগ যোগ জজ্ঞ জপ তপ তীৰ্থ ব্ৰত॥