সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
অজামিল উপাখ্যান

সৰ্ব্ব গুণে অলঙ্কৃত, পৰম কৰুণা চিত,
 বৃদ্ধ পিতৃ মাতৃত ভকত।
নিত্য নিত্য নাহি আৰ, নেৰিলেক সদাচাৰ,
 বেদ সাস্ত্ৰ সবাতো পাৰ্গত॥
দিনেক দ্বিজক আনি, পিতৃ বুলিলেক বাণী,
 অজামিল অৰণ্যক চল।
পূজিবো দেৱতা হৰি, আনিয়োক শীঘ্ৰ কৰি,
 যজ্ঞ কাষ্ঠ পত্র পুষ্প ফল॥
পিতৃ বাক্য শিৰে ধৰি, অৰণ্যক চলি গৈলা,
 পাইল সবে পূজাৰ সম্ভাৰ।
উলতি আসন্তে পাছে, দেখন্ত পথত আছে,
 মনোহৰ মন্দিৰ বেশ্যাৰ॥
চাইল পাছে চক্ষু মেলি, পুৰুষেক কৰে কেলি,
 বেশ্যা সমন্নিতে মহা ৰঙ্গে।
মদ্য পানে হুৱা মত্ত, শৃঙ্গাৰৰ ভাৱ মত,
 সুন্দৰীয়ে দৰশিলে ভ্ৰুভঙ্গে॥
খসিল কটিৰ বস্ত্ৰ, প্ৰহাৰে কটাক্ষ অস্ত্ৰ,
 হাসি গাৱে সুললিত গীত।
ৰমণী এৰাইয়া পীড়া, কৰে কতো কাম ক্রীড়া,
 সিতো পুৰুষৰ ৰঞ্জি চিত॥