এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
অজামিল উপাখ্যান
বৈষ্ণৱৰ সঙ্গ, লৈলে ক্ষণেকতে,
সমস্তে পাপক বঞ্চে।
পৰম নিকাৰ, যাতনাক তৰে,
অক্ষয় পুণ্যক সাঞ্চে॥
দেৱৰো দেৱতা, পৰম ঈশ্বৰ,
ভকতিতো নাহি দুঃখ।
কিনো অন্ধ লোক, যাতনাত মৰে,
কৃষ্ণত হুৱা বিমুখ॥
এতেকে পাপীক, দণ্ড কৰিবাক,
পাঞ্চন্ত ৰাজা আমাক ৷
ইটো অজামিল, যেন মহা পাপ,
কৰি আছে শুনা তাক॥
ছবি ।
ইটো বিপ্ৰ অজামিল, মহা পুন্য ধৰ্ম্মশীল,
আছিল পুৰ্ব্বত ধৰ্ম্ম মতি।
সমস্তে প্রাণীত হিত, গুৰু অগ্নি অথিতিত,
কৰিলেক অনেক ভকতি॥