সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
অজামিল উপাখ্যান

দিশ চন্দ্ৰ সূৰ্য্য, আকাশ অগণি,
 ভূত সন্ধ্যা দিন ৰাতি।
কাল জল বায়ু, ধৰ্ম্ম মহী এহি,
 চৈধ জনে দেখে আতি॥
মহা গোপ্য পাপ, কৰি বোলে মোক,
 নেদেখিলে একোজনে।
আপোনা থানত, থাকি যম ৰজা,
 সমস্তে জানন্ত মনে॥
আমাক পাঞ্চন্ত, পাপ অনুসাৰে,
 কৰো দণ্ড ধৰি আনি।
অনু ক্রমে সবে, ভুঞ্জায়ে যাতনা,
 আছৈ কৰি যত প্ৰাণী॥
আপোনাৰ কৰ্ম্মে, আপোনাক বান্ধে,
 নজানি মোক্ষ উপায়।
কোটি কোটি জন্ম, সংসাৰত ভ্ৰমে,
 যাতনা ভুঞ্জে সদায়॥
প্ৰকৃতিৰ সঙ্গে, সমস্তে জীৱৰ,
 ভৈল বিপৰ্য্যয় বুদ্ধি।
কৰে তপ জপ, যজ্ঞ তীৰ্থ দান,
 তথাপি নাহিকে শুদ্ধি॥