সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
অজামিল উপাখ্যান

জানিয়া যাতনা তৰিবাৰ কৰা কাম
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥

⸻•⸻

দুলৰি।

অনন্তৰে তিনি, যমদুতে বোলে,
 শুনিও সবে মহন্ত।
আমি মহা মুঢ়, তোমাৰ আগত,
 কহিবো কিবা সিদ্ধান্ত॥
তথাপি বচন, পালি যেন জানো,
 কহো শুনা বিদ্যমান।
যানা জগতৰ, যত মহা পুণ্য,
 সবাৰো বেদ প্ৰমান॥
বেদে বিহে যাক, তাকে বুলি ধৰ্ম্ম,
 যজ্ঞ তপ জপ যাগ।
বেদেৰ নিসিদ্ধ, যত কৰ্ম্ম মানে,
 জানাসেহি মহা পাপ॥
বেদৰ বিহিত, সততে আছয়ে,
 সেহি জন পুণ্যৱন্ত।
বেদ নিষিদ্ধক, কৰে যিতো নৰ,
 সেহিতো পাপী অত্যন্ত॥