সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
অজামিল উপাখ্যান

একো নজানিলো বুজায় কহিওক।
ৰাজাৰ আগত গৈয়া কহিবাক হৌক॥
এতেক বুলিয়া যম দুত নিসবদ।
অন্যো অন্যে আলচন্ত চাৰি পাৰিষদ॥
কোনবা অধৰ্ম্ম মহাধৰ্ম্মি কোনজন।
একো নজানস পাপ পুণ্যৰ লক্ষণ॥
জানিলোহো ইটো তিনি ঘোৰ ভয়ঙ্কৰ।
ভয়তে বোলয় ধৰ্ম্ম ৰাজাৰ কিঙ্কৰ॥
ভকতকো ধৰ আসি পৰম অজ্ঞান।
দিল এহি বুলি হাসি সিদ্ধে সমিধান॥
শুন অৰে যম দুত আমাৰ উত্তৰ।
যদি সত্যে হোৱ তই যমৰ কিঙ্কৰ॥
কোন পৰমাৰ্থ ধৰ্ম্ম শাস্ত্ৰত সাক্ষাত।
কোনবা অধৰ্ম্ম বৰ কহিও আমাত॥
মনুষ্য মধ্যত তোৰ কাত অধিকাৰ।
কিবা কৰ্ম্মি মানে সবে পৰয় তোমাৰ॥
কেনবা পাপীক নেস যমৰ পুৰিক।
কেনবা প্ৰকাৰে কৰ দণ্ড পাতকীক॥
জান যেবে যম দুত দিয়োক সিদ্ধান্ত।
এহি বুলি মৌন ভৈলা চাৰিও মহন্ত॥