সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
অজামিল উপাখ্যান

প্ৰচণ্ড বাতাস যেন নাকৰ উশাষ।
ওলমিল পেট যেন বৰ মউৰ বাস॥
বক্ৰ কোৰ মুখ মহা বিকৃতি কুৰূপ।
নাক দণ্ড দেখি যেন সম্যকে অন্ধ কুপ॥
উছল দশন আসে অধৰ কামূৰি।
দেখিয়া দ্বিজৰ যেন ধাতু গৈল ঊৰি॥
মোক নিবে আইল ইটো তিনি যম দুত
পাইল অন্তকালে ভয় ভৈল অদভূত॥
কম্পে তনু দ্বিজে তেজিলেক মলমুত্ৰ।
হা কৈক গৈলি মোৰ নাৰায়ণ পুত্ৰ॥
এতেকে বোলন্তে দুতে ধৰিলে বিপ্ৰক।
হৃদয়ৰ পৰা আনে অলক্ষে জীৱক॥
মহা পীড়াপায় জীৱে ভৈল অচেতন।
দিলে আৰ্ত্তৰাৱ ৰিঙ্গ আইস নাৰায়ণ॥
জীৱ বাজ কৰি ভৰাই যাতনা দেহাত।
দিলে পিঠিফটা বান্ধ কৰি পাছ হাত॥
লগাই ডোল গলত চামৰ জৰি আনি।
নৰকত পেলাইবে আজুৰি নেই টানি॥
সেহি বেলা চাৰি বিষ্ণু দুত ভ্ৰমে সুখে।
কৃষ্ণৰ কীৰ্ত্তন শুনে মৰন্তাৰ মুখে॥