সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
অজামিল উপাখ্যান

প্ৰাণ পসি আছে সেই কনিষ্ঠ পুত্ৰত।
নাৰায়ণ বিনে নাই বচন মুখত॥
শয়নতো থাকে মন পুত্ৰতে সমুলি।
সপোনতো ডাকে সিতো নাৰায়ণ বুলি॥
ক্ষণ ক্ষণে মন তাৰ তনয়ত পৰে।
সপোনে সচেতে নাৰায়ণ নাম নেৰে॥
ভৈল সিটো বিপ্ৰৰ পুত্ৰত আশ অতি।
নজানিলে আয়ু আসি ভৈল সমাপতি॥
নিলেক বয়স পুত্ৰ স্নেহে আলে জালে।
নষ্ট গৈল জন্ম পাইলে ঘোৰ অন্তকালে॥
ভৈল আসি বিপ্ৰৰ মৰণ সন্নিহিত।
তিনি গোটা যম দুত আগে উপস্থিত॥
ভয়ঙ্কৰ দেহা যেন আঙ্গাৰৰ বোজা।
ৰঙ্গা দুই চক্ষুক ফুৰায়ে যেন গুঞ্জা॥
যেন পৰাসিলি সৰে ভয়ঙ্কৰ বান্ধ।
খেদি আসি আছে যেন তিনি গোটা ৰান্ধ॥
এক হাতে ডাঙ্গ আওৰ হাতে পাশ জৰি।
শৰীৰৰ লোম আছে স্বভাৱে শিহৰি॥
বিকট পিঙ্গল কেশ কুবেশ সৰ্বাঙ্গ।
ভেঙ্গুৰা ভেঙ্গুৰী ভৰি স্থুলন্তৰ জাঙ্গ॥