এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
অজামিল উপাখ্যান
যিদিনা নপাৱে ধন বেশ্যা পাৰে গালি।
থাকে সৰ্ব্বদায়ে বিপ্ৰ তাইৰ আজ্ঞা পালি
তাই ভৈল তপ জপ যজ্ঞ ধৰ্ম্ম ধ্যান।
বেশ্যা বিনে সপোনত নেদেখিলে আন॥
হেন পাপ নাহিকে দ্বিজৰ নিশিজিল।
দুষ্টাৰ প্ৰসঙ্গে নষ্ট ভৈল অজামিল॥
জাতিত ব্ৰাহ্মণ সিতো কৰ্ম্মত চণ্ডাল।
পুত্ৰ ভাৰ্য্যা পুষন্তে অনেক গৈল কাল॥
ভৈল অষ্টাধিক আশি বৎসৰ প্ৰমান।
বৃদ্ধ বয়সতো তাৰ নৃপজিল জ্ঞান॥
আৰু একো কৰ্ম্ম কৰিবাক সংখ্য়া নাই।
কনিষ্ঠ পুত্ৰক মাত্ৰ থাকে উমলায়॥
প্ৰাণতো অধিক সিতো পুত্ৰ নাৰায়ণ।
মিলে সুখ শুনি তাৰ মধুৰ বচন॥
তাতে মন নিমজিল দ্বিজৰ সদায়।
পৰম কৌতূকে তাৰ লীলা থাকেচায়॥
খুৱায়ে ধুয়ায়ে মহা স্নেহে নিতে তাক।
আস নাৰায়ণ বুলি ৰাৱ দিলে ডাক॥
উঠ নাৰায়ণ হেন বৈস নাৰায়ণ।
ভুঞ্জ নাৰায়ণ বুলি ডাকে সৰ্ব্বক্ষণ॥