সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
অজামিল উপাখ্যান

দুতে জৰপুৰ কৰি, বান্ধিবে চামৰ জৰি,
 ৰাখাহা বোলোতা তৈতে নাই॥
জানি ধৰা কৃষ্ণ পাৱ, এৰায়ো যমেৰ ঘাৱ,
 মুখত নেৰিবা হৰি নাম।
কেনে আছা বাত চায়, ইটো আয়ু বৃথা যায়,
 নিৰন্তৰে বোলা ৰাম ৰাম॥

পদ।

শুকনি গদতি ৰাজা চিত কৰা থিৰ।
আশ্চৰ্য্য মহীমা শুন হৰি ভকতিৰ॥
আছে জত তীৰ্থ ধৰ্ম্ম যজ্ঞ সংসাৰত।
জানিবা সমস্তে হৰি নামৰ কিঙ্কৰ॥
পুণ্য অৰণ্যত বঞ্চে হৰি নাম সিঙ্গ।
পলাই পাপ হস্তী তাৰ শুনি মহাৰিঙ্গ॥
হৰিৰ নামে খেদাৱে পাপৰ পুৰি নাই।
কৃষ্ণ বিমুখত গৈয়া হোৱে এক ঠাই॥
পৰম পাতকী যিটো অতি অনাচাৰি।
সিও ভকতক ৰক্ষা কৰন্ত মুৰাৰি॥