সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
অজামিল উপাখ্যান

যমৰ দুতক, স্বপ্নতো নেদেখে,
 এৰাইল কালৰ হাত।
হৰি ভকতিৰ, অল্পে নিস্তাৰই,
 কহিলো সত্যে সাক্ষাত॥
পৰম জ্ঞানত, কৰ্ম্মক কৰিয়া,
 ভকতিৰে শ্ৰেষ্ঠ আতি।
ভকতি কৰিলে, পৰম পবিত্ৰ,
 হোৱে মহা অন্ত্য জাতি॥
ভকতিত যত, মহাগুণ আছে,
 কোনে কহি পাৱে সীমা।
শুনা পুৰাতন, কথা পৰীক্ষিত,
 আছয় আৰু মহিমা॥

ছবি।

শুনিয়োক সৰ্ব্বজন, ভকতেসে মহাধন,
 আন যত যজ্ঞ ধান্ধা।
ভকতিসে নিজ মাতা, ভকতিসে নিজ দাতা,
 জানি ভকতিক গলে বান্ধা॥
ভকতিত দিয়া মতি, ভকতিক কৰাৰতি,
 ভকতিসি পৰ লোক বিত।