সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
অজামিল উপাখ্যান

জ্ঞানেসে জানিবা, শুদ্ধ প্রায়শ্চিত্ত,
 দুষ্কৰ জ্ঞানৰ পথ।
পৰম সুলভ, যিটো প্ৰায়শ্চিত্ত,
 শুনা আবে মহাৰথ॥
লৱে মাত্র এক, কৃষ্ণত শৰণ,
 আন দেৱ নাই ৰতি।
তপ ধৰ্ম্ম সবে, এড়িয়া কৃষ্ণত,
 কেৱলে কৰে ভকতি॥
হেনয় বিৰল, ভকত সকলে,
 সমস্ত পাপক শোযে।
প্রচণ্ড আদিত্য, হেন জগতৰ,
 নিহাৰ নিশেষে শোযে॥
অতি অজাতিক, পাতকীক তাৰে,
 হেনসে হৰি ভকতি।
কোটি প্রায়শ্চিত্ত, কৰিয়া কৰ্ম্মীৰ,
 তৰিতে নাহি শকতি॥
আছন্তোক কৃষ্ণ, ভকতকে সেৱা,
 কৰি যেন শুদ্ধ হুই।
পৰম জ্ঞানক, পথ পায়া নৰে,
 সিমত পবিত্র নুই॥