সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
অজামিল উপাখ্যান

কেহোবেলা এৰে পাপ, কতোবেলা কৰে তাক,
 প্রায়শ্চিত্ত এতেকে বিফল ॥
জাতি অন্ত জাতি আতি, সবাকো পবিত্ৰ কৰে,
 সমস্তে প্ৰাণীৰ মনোনীত ।
আতি অপ্রয়াসে তৰে, সকল পাতক হৰে,
 কৈয়ো হেন মহা প্ৰায়শ্চিত্ত॥

⸺:০:⸺

দুলড়ি ।

শুকনি গদতি, শুনা কুৰুপতি,
 পৰম তুমি মহন্ত।
নগণি ক্ষুধাক, কৃষ্ণৰ কথাক,
 কৰিলা চিত্ত একান্ত॥
যি কথা পুছিলা, তাহাৰো সিদ্ধান্ত,
 শুনা সাৱধান চিত্তে।
পাপক সমূলে, গুছাইতে নপাৰে,
 জ্ঞানকর্ম্মে প্রায়শ্চিত্তে ।
অজ্ঞানী যতেক, প্রায়শ্চিত্ত কৰে,
 শাস্ত্ৰৰ সন্মত চাই।
পাপ কেসে শোষে, বীজ নুগুচয়,
 উপজে পাপ দুনায়॥