সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
অজামিল উপাখ্যান

ছবি।

পৰীক্ষিত নৃপে পাছে, পুছন্ত শুকত কথা,
 শুনা ব্যাসসুত মহামুনি।
সুমৰন্তে যমলোক, মহাভয়ে পাইলে মোক,
 ঘোৰ নৰকৰ কথা শুনি॥
যতেক শুধিলো মানে, কহিলা সকল কথা,
 শুনিলো পৰম অনুৰাগে।
কিমতে নপৰে সিটো, ঘোৰ নৰকত নৰে,
 কহিয়োক তাহাৰ উপায়॥
হেনবা বুলিবা আগে, কৰিওক প্ৰায়শ্চিত্ত,
 তথাপি উপজে সেহি পাপে।
এতেকে জানিলো মহা, প্ৰায়শ্চিত্ত কৰি মৰে,
 নতৰিবে যাতনাৰ তাপে॥
জানিয়া ৰজায় দণ্ডে, মৰিলে নৰকে পৰে,
 তাকো জানি পাতক আচৰে।
তাৰ প্ৰায়শ্চিত্ত ধিক, হেন জ্ঞান পাতকীক,
 কোন প্ৰায়শ্চিত্তে শুদ্ধি কৰে॥
যেন ধুৱাইলেক হাতী, দুনাই লৱে কুটামাটী,
 শৰীৰত বান্ধে আতি মল।