সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
অজামিল উপাখ্যান

সেই পাপে যায় কৰ্দ্দমত পৰে আতি।
ধৰি হেত মুণ্ডে যম হতে কৰে সাস্তি॥
ভৈৰবক মাৰে যিতো মনুষ্যক মাৰি।
ডাইণী হোৱা মনুষ্যক খাই যিতো নাৰী॥
অন্তকালে ৰাক্ষসে ৰূধিৰ পিয়ে তাৰ।
কৰে কিল কিল হিয়ে হানিয়া কুঠাৰ॥
বৃহত বৰ্শাৰে পক্ষি মাৰে বিন্ধি শূলে।
তাক যম দুতে ধৰি জোকাৰয় শূলে॥
ক্ষুধায়ে তৃষ্ণায়ে অতি তাৰধাতু যায়।
বজ্ৰ শুন্দ কাকে বকে ছিণ্ডি মাংস খায়॥
লোকক লগায়ে যিতো মন্দ মহভিতি।
দন্দ শুক নৰকত তাৰ হোয়ে গতি॥
সাত পাঞ্চ মুখি সৰ্পে তাক বেঢ়ি খায়।
ইন্দুৰক ছোবাই গিলে যেন সৰ্পে পায়॥
বিষ বহ্ণি অনেক ধুমৰ দেই জাকে।
কলযেন পকাৱে নিগ্ৰহ কৰে তাকে॥
অথিতিক দেখি যিতে৷ চক্ষু পকায় চাৱে।
ঠাই পাই বুলি হুল স্থুল কৰি থাৰে॥
বজ্ৰ শুন্দ কাকে ভুঞ্জে চক্ষুক উভাৰি।
কঙ্ক বক পৃধে উদৰক ভবে নাড়ি॥