এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অজামিল উপাখ্যান । পৰম লম্পত পাপী একোৱে নবাচে। বান্ধে তাক বজ্ৰ কুট শিমলুৰ গাছে ৷ গলত লগায়ে ডোল উপৰক টানে । বান্ধি পাৱে আজুৰি তলক লাগি আনে শৰীৰ মাংসক চিৰে নথাকে চেতনা । কতবা বৰিষ ভুঞ্জে পাতকী যাতনা । লাজ কাজ এৰি পশু যেন স্বেচ্ছাচাৰি । যিতো মন্দ মতি দ্বিজে হৰে পৰ নাৰী । পৰে তেজ পুজ মূত্ৰ বিটাৰ সাগৰে ৷ সহস্র বৎসৰ মানে তাকে ভুঞ্জি মৰে । বেদৰ বিহিত দিনে মাৰে পাশু হানি । অন্ত কালে যমদুতে পোতে গাত খানি । বেঢ়ি খুণ্ডিয়াই মাৰে নাহিকে নিস্তাৰ প্ৰাণ নিৰোধত ভুঞ্জে অনেক নিকাৰ । ভুত প্রেত পুজি যিতো কাতে হাঁহ ছাগ। বৈবশ্ব নৰক পাৱে দুতে নেৰে লাগ ॥ কৰে খণ্ড খণ্ড তাক হাতে খড়গ ধৰি । দুখ ভুঞ্জি বাক লাগি জীয়ে মৰি মৰি । যিতো নিজ ভাৰ্য্যাক ব্ৰাহ্মণ অনাচাৰ । কামে মোহ হুৱা কৰে মুখত শৃঙ্গাব ।