এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আমি ভাৰত মাতাৰ শিক্ষিত সন্তান।
আমাৰ পিতামহহঁত আছিল হোজা,
নজানে লিখিব
নজানে পঢ়িব,
কু সংস্কাৰ বোজাটি বান্ধি
আছিল সকলো
অসভ্য বৰ্বৰ,
নাছিল জ্ঞান নাছিল মান।
(কেবল) আমি ভাৰত মাতাৰ শিক্ষিত সন্তান।
⸻⸻⸻⸻⸻⸻⸻⸻⸻
নগাওঁ অ, ভা, উ, সাত — পাঠ কৰা।
৫১