এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ
সংসাৰী সুখত বন্দী হই থাকি
নিচিনিলা গুৰিয়াল,
সোঁৱৰাই দিলে খঙৰ কোৱত
চপোৱা নিজৰ কাল।
ভৱ সাগৰৰ গুটিয়া নউকা
গুৰিত কান্দাৰী নাই,
লতং পতং কৰিছে ঢউত
খনে খনে পানী খাই।
চুৰ তাৰি কৰি পলাই আহি
পাপৰ এবোজা লই,
কানা মুনা লাগি উধাতু খাইছা
(কিয়) আকুল পথিক হই;
১৯২৪
ছিলচৰ
⸻
৫