এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ
নাই বিল খাল মৰুভূমি প্ৰায়
জ্বলিছে বুকত বালি,
ৰূপহী পদুম তাতে লয় হল
অন্তৰে গৰল ধালি।
পুৱাতে সূৰুয দেখাদি পলাল
নাই চিন দিন ৰাতি,
ৰূপহী জোনক ডাৱৰে ধাকিলে
নুমাল শীতল ভাতি।
মানবী সজাৰ মাধুৰী হেৰাল
ময়না ওলাল বাজ,
এই জনমৰ এতিয়া খবৰ
টুটিল সংসাৰ কাজ।
৪৯