এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ
জক্ মক্ কৰা ফুলনি দৰাৰ
লাগিছে ফুলত ধূলি,
উলতি গইছে লুভীয়া ভোমোৰা
সমিধান নাপাওঁ বুলি।
শুৱণী কুলিয়ে দেশ এৰি গ'ল
নুশুনি কেনিও টান,
বিৰহী কেতেকী পাচে পাচে গ'ল
শুনাই বিৰহ গান।
দূৰণিত দেখা পৰ্ব্বত পাহাৰে
তুকিছে চকুৰ পানী,
কুলু কুলু সুৰে আবেগ জনাই
শুনাই শোকৰ ধ্বনি।
৪৮