সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ

সি স্মৃতি সপোন জাগিব লাগিছে
 অনন্তৰ নিৰন্তৰ,
কান্দিব লাগিছে তাকে বুকে বান্ধি
 কৰি সঙ্গী জীৱনৰ।

১৯২৪
(চেৰাপুঞ্জি)


আকুল পথিক।

আজি-
গোটেই জগত ধুঁৱলী কুঁৱলী
 নমনি কেনিও বাট,
সজাগ ধৰণী জয় পৰি গ'ল
 হৰিল প্ৰকৃতি মাত।

৪৭