সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ


কিয় আজি হাঁয় হিয়া মন্দিৰৰ
 দুৱাৰ মুখত ৰই,
খিকিন্দালি পাতি নাইকীয়া হ'ল
 একেটি কথাকে কই।


কিয় আজি হাঁয় সপোনত ম‍ই
 শুনিলোঁ আকাশী বাণী,
মনত পৰিলে সন্তাপ শেলেৰে
 ধৰেহি হৃদয় হানি।


কিয় আজি হাঁয় উদং উদং যেন
 লাগিছে পৰাণ খনি।
কৰুণ সুৰেৰে হৃদয়ত দেখোঁ
 উঠলে শোকৰ ধ্বনি।

৪৬