এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ
কিয় আজি হাঁয় বাসন্তী কুলিৰ
কণ্ঠত অমিয়৷ নাই,
কেতেকী পখীৰ মাত হৰি গল
আবেগ বুজোতা নাই।
কিয় আজি হাঁয় বসন্তৰ ফুলে
গছক নেওছা দিলে,
কলিয়া ভোমোৰা পগলা কৰি থৈ
হিয়াৰ মাধুৰী নিলে।
কিয় আজি হাঁয় চিৰ লগৰীয়া
দূৰণি বটিয়া হ'ল,
মোৰ অন্তৰতো প্ৰণয় সফুঁৰা
পাহৰি এৰি থৈ গল।
৪৫