সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ

কিয় আজি হাঁয় প্ৰকৃতিৰ শোভা
 দেখিলে মনত মোৰ,
শোকৰ অনলে আগুৰি ধৰেহি
 নপৰে ভাবৰ ওৰ।


কিয় আজি হাঁয় প্ৰকৃতিৰ গীতি
 মনত নালাগে ভাল,
ঘনাই ঘনাই  লুকাভাকু খেলি
 চাপিছে নিৰ্দ্দয় কাল।


কিয় আজি হাঁয় কুপউ কুপতী
 ইটিয়ে সিটিক এৰি,
কুউ কুউ কৰি কান্দিব লাগিছে
 গছৰ ডালত পৰি।

৪৪