এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ
কিয় আজি হাঁয় চতুৰ্দ্দিশ মোৰ
আন্ধাৰ আন্ধাৰ লাগে,
কিবা কাৰণত চমকি চমকি
নিমিষে পৰাণ জাগে।
কিয় আজি হাঁয় হৃদয় বীনাত
নাবাজে মধুৰ টান,
নিতাল নিফুঁত ৰাগীনিত মাথোঁ
জুৰিছে শোকৰ গান।
কিয় আজি হাঁয় শীতল বতাহে
নোৱাৰে জুৰাব প্ৰাণ,
শোকৰ ধুমুহা অকস্মাত্ আহি
ভাঙিছে হৃদয় খান।
৪৩