এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সঙ্গী জীৱনৰ ৷
(বন্ধু বিচ্ছেদত )
কিয় আজি হাঁয় পৰাণ কান্দিছে
নীৰলৈ পাচলৈ চাই,
দুধাৰি চকুলো সঘনে জৰিছে
শোকৰ মুৰুলি বাই।
কিয় আজি হাঁয় পৰাণ খনিয়ে
উচুপি উচুপি আছে,
শোকৰ কালিমা মুখত ঘহিলৈ
সংসাৰ ক্ষেত্ৰত নাচে।
৪২