এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ
একে থৰে তধা লাগি
চাই থাকিলেও,
চকুৰ নপৰে ওৰ
জাগি উঠে চেও।
জানিছোঁ জানিছোঁ মই
সেই দয়াময়,
অনন্ত মহিমা যাৰ
দেখিছোঁ বিস্ময়।
তেওঁৰেহে এই দেখ!
অদ্ভুত নিৰ্ম্মাণ,
গুণি ভাবি থাকিলেহে
যাই পতিয়ন।
৪০