এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ
অত জীৱ ভাৰ সহি
নাকান্দে ধৰণী,
সেন্দুৰীয়া ফোঁত লই
আহে উষাৰাণী।
কুঞ্জত বনৰ সৌৰভ
সফুঁৰাটি লই,
ৰিব ৰিব কৰি সদা
সমীৰণ, বয়।
হৰিণিও মুগ্ধ হয়
দেখি মৰিচিকা,
চকোৰেও পিয়ে ৰাতি
অমল চন্দ্ৰিকা।
৩৯