সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ

শ্যামল পত্ৰেৰে শোভে
 তৰুৰাজি যত,
বিকশিত পুষ্পে শোভে
 কুঞ্জ কাননত।


বিনন্দিয়া পাখী মেলি
 জক্‌ মক্‌ কৰি,
মৰা পখী ছালি ধৰে
 মন প্ৰাণ হৰি।


কমল ফুলৰ কলি
 বোকাৰ মাজত,
ৰূপালী আলোৰে জ্বলে
 পাতৰ আঁৰত

৩৮