এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ
দেব!
সংসাৰৰ এৰি দুখ লভিছা প্ৰকৃত সুখ
ধন্য তব আশাৰ কামনা,
ধন্য! ধন্য!! তব নাম সাধিছা প্ৰকৃত কাম
ধন্য মাথো তোমাৰ বাসনা।
১৯২৪
চেৰাপুঞ্জি।
⸻
বিশ্ব।*
দিগন্ত প্ৰকাশে এই
ৰশ্মি আতপৰ,
বিমল শীতল নিশি
চন্দ্ৰিকা শশীৰ।
⸻⸻⸻⸻⸻⸻⸻⸻
- নগাওঁ অ, ভা, উ, সাত—পাঠ কৰা।
৩৫