সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ

শূন্যৰ কোলাত তৰা
 জক্‌ মক্‌ কৰি,
থুল পাতি পাতি ফুৰে
 লৰ ধৰি ধৰি।


সণোৱালী ৰেখা দৰে
 বিজুলী বুকত,
তিৰবিৰ কৰি জ্বলে
 মেঘৰ আঁৰত।


অবিৰাম বসুন্ধৰা
 গ্ৰহৰ লগত,
একেৰাহে ঘূৰি আছে
 আপোন কক্ষত।

৩৬