এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ
জগতৰ পশু-পখী তোমাৰেহে প্ৰিয় সখী
জীৱনৰো চিৰ লগৰীয়া,
সংসাৰৰ সুখ দুখ নাচাই এটিৰো মুখ
হই আছা মুকলি মূৰিয়া।
গিৰি গুহা উপবন ভৈয়ামৰ তপোবন
তোমাৰেহে সাধনাৰ ঠাই,
সংসাৰ সুখৰ ভূমি অকালতে এৰি তুমি
লই গলা মন আঁতৰাই।
মুক্তিৰ কামনা কৰি জীৱনত ব্ৰত ধৰি
ভাবি আছা এক মন হই,
প্ৰভুৰ আশীষ দানে যাবা তুমি সিকাৰণে
সিপুৰীৰ সেই থান লই।
৩৪