সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ

প্ৰকৃতিৰ লীলা খেলা চাই চাই মহামেলা
 শাস্তি দিছা পবিত্ৰ প্ৰাণত,
আনন্দে নধৰে হিয়া দেখি ৰূপ বিনন্দিয়া
 নাচে প্ৰাণ একেটি টানত।


কণ্ঠত অমিয়া লই গগন বিহাৰী হই
 নিতে গীত গাই পাখিগন,
তধা লাগি শুনি শুনি বিভূৰ কৰম জানি
 আৰাধিছা কৰি প্ৰাণপণ।


বজাই মৃদুল বাঁহী আকাশতে হাঁহি হাঁহি
 শান্তি দিছে নিতে সমীৰণ,
হৃদয় বীণাৰ টান জুৰি লই সেই গান
 চাই চাই জুৰোৱা নয়ন।

৩৩