এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
মোহন মূৰুতি ধৰি প্ৰতিভা উজ্জ্বল কৰি
জিলিকনি তোমাৰ মুখত,
তপস্বীৰ প্ৰেমৰস বই আছে চাৰিকাষ
নাচে প্ৰাণ পূৰ্ণ আবেগত।
কৰুণাৰ পূণ্য ছবি পুৱাৰ নবীন ৰৰি
জিলিকিছে চমক লগাই,
সংসাৰ সুখৰ ধাৰ নহয় তুলনা তাৰ
মন প্ৰান জুৰ পৰি যাই।
প্ৰকৃতিৰ কাম্যবন ভুলি আছে ত্ৰিভূবন
কাঢ়ি নিছে তোমাৰো জীৱন,
প্ৰেমে প্ৰাণ মতলীয়া আনন্দে নধৰে হিয়া
চাই চাই জুৰুৱা নয়ন।
৩২