সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ।

দেবি!
গুণত পূজাৰ ৰীতি সত্যত আদৰ
 থাকে মানে এই জগতত,
তোমাৰ সতীত্ব স্মৃতি জগাই নাৰীক
 জিলিকিব অসম ধামত।



তপস্বী।

নিজান গুহাৰ মাজে পৰম পবিত্ৰ সাজে
 মোহমায়া কৰি পৰিহাৰ,
পাতি লই কুশাসন  কৰি আহা আৰাধন
 বহি আছা তপস্বী কূমাৰ।

৩১