সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ।

পত্নীৰ যাতনা শুনি লাভি গদাপাণি
 ছদ্ম বেশে ছলহি সাক্ষাৎ,
স্বামীৰ চলনা বুজি কথাৰ ইঙ্গিতে
 অন্তৰত জন্মালা ব্যাঘাট।


পতিৰ উদ্ধাৰ হেতু জীৱন উছৰ্গী
 অকাতৰে কষ্ট সহ্য কৰি,
জনম ভূমিৰ পৰা বিদায় বাণীৰে
 গলাগই নৰদেহা এৰি।


স্বৰ্গ জীৱৰী তুমি মৰতত আহি
 আক’ হলা স্বৰ্গত বিলীন,
তাৰকামণ্ডল মাজে  পূণ্য শোভা ধৰি
 জিলিকিছে সতীত্বৰ চিন।

৩০