এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সতী জয়মতী।
নাৰীৰ আদৰ্শ ৰূপে জনমি ধৰাত
ধৰিলই মনক আঁকলি,
সতীৰ কৰ্ত্তব্য সাধি সুনাম ৰাখিলা
জীৱনৰ মহাব্ৰত পালি।
লাই-লেচাই দুটিক সমৰ্পি লোকক
মায়ামোহ কৰি পৰিহাৰ,
নিষ্ঠুৰ “লৰাৰ” শাস্তি বুকু পাতি লই
দেখুৱালা বীৰত্ব তোমাৰ।
সৌকাৰ কোবত পিঠি ফাটি ফাটি যায়
ৰুধিৰাক্ত গোটেই শৰীৰ,
তথাপি নিদিলা তুমি পতিৰ সন্ধান
দৃঢ়মন নহল অথিৰ।
২৯