সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ।

নাজানো ভকতি নাজানো মিনতি
 পূজাৰ সম্ভাৰো নাই,
নৈবেদ্য বিহীন সজোৱা শৰাই
 দিমনো কেনেকৈ হাঁয়!


ভকতি আঁজলী ধৰিছোঁ চৰণে
 তোমাৰ বন্দনা গান,
স্বৰগৰ পৰা আশীষ বচনে
 দিয়া প্ৰভু সমিধান।


২৮