সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ।

কত যে লাঞ্ছনা কত যে যাতনা
 কত যে সহিলা তাপ,
তথাপিও ক’তো একো নঘতিল
 মাৰিলা কৰ্ত্তব্য জাপ্।


নিয়তি পথৰ পাৰ্থিব সুখত
 নহয় তুলনা তাৰ,
কেনেনো ধৰম কেনেনে৷ সুনীতি
 নপৰে ইয়াৰ পাৰ।


চন্দ্ৰ দিবাকৰ বসুমতী আই
 থাকে মানে জগতত,
যুগমীয়া হই গৌৰব প্ৰদীপ
 জ্বলিব ই অসমত।

২৭