সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ।

আজিও বইছে অমিয়াৰ ধাৰা
 সাধিছে তোমাৰ কাম,
নিষ্কাম ভকতি পূৰণ কৰিলৈ
 চলিছে বৈকুণ্ঠ ধাম।


লীলা অভিনয় পলে পলে কৰি
 কৰ্ত্তব্য পথত গই,
কাব্য সাগৰত অমৃত মথিলা
 এই ব্ৰহ্ম অস্ত্ৰ লই।


নিস্বাৰ্থ ভাবৰ চানেকী এৰিথৈ
 মঙ্গল আকাঙ্ক্ষা কৰি,
বৈষ্ণবী ধৰম প্ৰকাশ কৰিলা
 জীৱনৰ ব্ৰত ধৰি।

২৬