এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
জন্মিছে কতনো মৰিছে কতনো
এই অসমৰ মাজে,
মাতৃৰ গৌৰব উজ্জ্বল কৰিছে
তোমাৰ পবিত্ৰ কাষে।
কালৰ সোঁতত কত যুগ গ’ল
নৰল একোৰে চিন,
একেটি পুত্ৰৰ একেটি নামত
জ্বলিছে একেটি দিন।
আকাশী লোকত শশীৰ গৌৰব
তাৰকা মণ্ডল মাজে,
আমাৰ ইয়াটো একেটি জ্বলিছে
স্বদেশ প্ৰেমৰ কাষে।
২৩